Narayan kavach in Assamese:-

নাৰায়ণ কবচ
-------------------------
শুক নিগদতি শুনা সুভদ্ৰাৰ নাতি।
বিশ্বৰূপে এহি অঙ্গীকাৰ কৰি আতি।।
দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত।
কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত।।
অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যায়।
তাক নষ্ট কৰিবাক দিলন্ত উপায়।।
নাৰায়ণ কৱচ দিলন্ত বাসৱক ।
যাক পায় ইন্দ্র সব জিনিলা দৈত্যক।।
পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি।
কৃষ্ণৰ প্ৰসাদে সৱে তৰিলা বিপত্তি।।
হেন শুনি পৰীক্ষিতে পুছন্ত শুকত।
কহিয়ো বান্ধৱ গুৰু মহাভাগৱত।।
তুমি মোৰ প্ৰাণবন্ধু নাহি মোৰ আন।
কৰিয়োক মোক কৃষ্ণ কথা মধু পান।।
হৰি কথা ৰসে মোৰ নিমজিল চিত।
মৰাৰ মুখত যেন ঢালিল অমৃত।।
নাৰায়ণ কৱচক পাই শচীপতি।
লীলায়ে দৈত্যক জিনি সাধিলা জয়তি৷৷
সেহি কৱচৰ কথা মোত কহিয়োক।
চৰণে শৰণ লৈলো উদ্ধাৰিয়ো মোক।।
ৰাজাৰ বচনে শুক ভৈল আনন্দিত।
হাসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত।।
পুৰোহিত হুয়া বিশ্বৰূপে মহামতি। 
সাৱধানে পুছে হেন বাসৱক প্রতি।।
নাৰায়ণ কৱচ কহিলা সাৱহিতে।
তাক এবে কহোঁ ৰাজা শুনা একচিতে।।
বিশ্বৰূপে বদতি শুনিয়ো হৰিহয়।
যদি অকস্মাৎ আহি মিলে মহাভয়।।
হস্তপদ প্ৰক্ষালিয়া উত্তৰৰ মুখে।
কুশহস্তে আচমন কৰি মহাসুখে।।
মূলমন্ত্রে অঙ্গন্যাস কৰন্যাস কৰি।
শুচি সংযমন হুয়া মাধৱক স্মৰি।।
নাৰায়ণ কৱচক কৰিলে ধাৰণ।
অনায়াসে হৈবে ঘোৰ ভয় নিবাৰণ।।
পদ জানু উৰুযুগ উদৰ হৃদিত।
উৰুস্থলে মুখে শিৰে যথা ক্রমোন্নিত।।
প্ৰণৱাদি অষ্টাক্ষৰ মন্ত্ৰ মহাৰঙ্গে।
ন্যাস কৰিবেক জানা সেহি সৱ অঙ্গে।।
দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ।
ন্যাসিবেক আঙ্গুলিৰ পৰ্ব্বে নিৰন্তৰ।।
হৃদি শিৰ কৰ মধ্যে শিখাত নেত্ৰত।
শৰীৰৰ সন্ধিস্থানে এহি ক্ৰম মত৷৷
ষড়ক্ষৰ মন্ত্ৰন্যাস কৰি শুদ্ধমন।
মকাৰ অক্ষৰে কৰিবেক দিগ্বন্ধন।।
আপোনাক ঈশ্বৰ স্বৰূপে ধ্যান কৰি।
এহি মন্ত্র উচ্চাৰিব মাধৱক স্মৰি।।
মোৰ সৰ্ব ৰক্ষা কৰন্তোক দেৱ হৰি।
গৰুড় পৃষ্ঠাত পাদপদ্ম যুগ ধৰি।।
খড়গ চৰ্ম্ম শঙ্খ গদা বাণ আৰু পাশ।
ধণু ধৰি অষ্টভুজ জগত নিবাস।।
জলে জ্বলন্ত বৰুণৰ পাশহন্তে।
মোক ৰাখোস্তোক মৎসৰূপী ভগৱন্তে৷৷
স্থলে ৰাখন্তোক ত্রিবিক্রম যে বামণ।
আকাশত বিশ্বৰূপে কৰোক ৰক্ষণ।।
দুৰ্গম দাৰুণ বন সঙ্কট সংগ্রামে।
মোক ৰক্ষা কৰন্তোক নৰসিংহ নামে।।
ৰাখন্তোক যজ্ঞৰূপী বৰাহে পথত। 
যিটো উদ্ধাৰিলা ভূমি প্ৰলয় জলত।।
পৰশুৰামে ৰাখন্তোক গিৰি শিখৰত।
শ্ৰীৰামে লক্ষণে ৰাখন্তোক প্ৰবাসত।।
অভিচাৰ মন্ত্ৰ যত আনো প্রমোদত।
নাৰায়ণে তাত মোক ৰাখন্তো, সতত।।
গৰ্ভত ৰাখন্তো মোক নৰ কৃপাময়।
যোগভ্ৰষ্ট হন্তে ৰাখন্তোক দত্তাত্রেয়।
কপিলে ৰাখন্তো মোক কৰ্ম্মযে বন্ধত।
সনতকুমাৰে মোক ৰাখন্তো কামত।।
দেৱ হেলনত ৰাখন্তোক হয়গ্ৰীৱ।
কৃষ্ণ পূজা ছিদ্ৰত ৰাখন্তোক সদাশিৱ।।
নৰকত হন্তে ৰাখন্তোক কুৰ্ম্ম হৰি।
অপথ্য ভোজনে ৰাখন্তোক ধনন্তৰী।।
ক্ষুধা-তৃষ্ণা লোভ-মোহ, শীত-উষ্ণ যত।
ঋষভ ঈশ্বৰে মোক ৰাখন্তো সতত।।
যজ্ঞে ৰাখন্তোক মোক লোক কলঙ্কত।
বলোভদ্ৰে ৰাখন্তোক দুর্ঘট কালত।।
অনন্তে ৰাখন্তো মোক সৰ্পৰ বিষত।
ভগৱন্তে ব্যাসে ৰাখন্তোক অজ্ঞানত।।
বুদ্ধে ৰাখন্তোক পাষণ্ডৰ বিবাদত।
কল্কি ৰাখন্তোক কলি মল পাতকত।।
প্রভাতত শঙ্খ ধৰি ৰাখন্তো কেশৱে।
ধেনু ধৰি গোবিন্দে ৰাখন্তো আসঙ্গৱে।।
পূৰ্ব্বাহ্নে ৰাখন্তো গদা ধৰি নাৰায়ণে।
চক্ৰ ধৰি বিষ্ণুৱে ৰাখন্তো মধ্য দিনে।।
অপৰাহ্নে মধুৰিপু ধৰি উগ্ৰ-ধনু।
সায়াহ্নে মাধৱে মোক ৰাখন্তোক পুনু।।
সন্ধ্যাকালে হৃষিকেশ ৰাখন্তোক মোক।
অৰ্দ্ধৰাতি কালে পদ্মনাভে ৰাখন্তোক।।
পাছ ৰাত্ৰি ৰাখন্তোক শ্রীবৎসলাঞ্ছন।
প্রত্যূষ কালত খড়গ ধৰি জনাৰ্দ্দন।।
উভয় সন্ধ্যাত ৰাখন্তোক দামোদৰে
ভগৱন্ত কালমূৰ্তি যিটো বিশ্বেশ্বৰে।।
প্রলয় অগনি সম চক্র তীক্ষ্ণ ধাৰ।
মাধৱৰ আদেশে ভ্ৰমিয়ো নিৰন্তৰ।।
দহিয়ো দহিয়ো মোৰ শত্ৰু সেনা যত।
শুকান বনক বহ্নি দহে যেন মত।।
হে কৌমোদকী গদা মাধৱৰ প্ৰিয়া।
গোবিন্দৰ দাস ভৈলো কৰিয়োক দয়া।।
বজ্ৰতো অধিক দৃঢ় দেখি হোৱে ভীত।
যক্ষ ৰাক্ষসাদি যত কৰা চূর্ণীকৃত।।
হে পাঞ্চজন্য মাধৱৰ প্ৰিয় শঙ্খ।
মোৰ শত্ৰুগণৰ লগায়ো হৃদি তঙ্ক।।
প্রেত পিশাচক ঘোৰ যক্ষ ৰাক্ষসক।
চণ্ডনাদ কৰি সৱে খেদায়ো দূৰক।।
শুনিয়ো নন্দক খড়গ্ বৰ তীক্ষ্ণধাৰ।
প্ৰভুৰ আদেশে শত্ৰু ছেদিয়ো আমাৰ।।
হে শত চন্দ্ৰ চৰ্ম্ম প্রিয় মাধৱৰ।
ঢাকিয়োক চক্ষুচয় শত্রু কটকৰ।।
দুষ্ট গ্রহগণ হন্তে মিলে যিটো ভয়।
সৰ্প ব্যাঘ্র ভূতাদিত যিবা ভয় হয়।।
শ্ৰীকৃষ্ণৰ নাম ৰূপ অস্ত্ৰৰ কীৰ্ত্তনে।
সৱে ৰিষ্ট নষ্ট মোৰ হৌক এতিক্ষণে।।
বেদময় গৰুড় কৃষ্ণৰ মুখ্য যান।
সমস্ত দুখৰ মোক কৰা পৰিত্ৰাণ।
আপোনাৰ নামে বিশ্বক্‌সেন ভগৱন্তে।
ৰক্ষা কৰন্তোক মোক মহাদুঃখ হন্তে।।
মাধৱৰ নাম ৰূপ আয়ুধ বাহন।।
পাৰিষদগণ আৰু যতেক বাহন।।
মোৰ প্ৰাণ বুদ্ধিমন ইন্দ্রিয়গণ যত।
ইসৱক ৰাখিয়োক সর্ব আপদত।।
স্থূল সুক্ষ্ম প্রাণী যত আছে সংসাৰত।
ঈশ্বৰেসে হুয়া যেবে আছে স্বৰূপত ।।
এহিসব মোৰ যত উপদ্ৰৱ মানে।
সবে নষ্ট হৌক কৃষ্ণ নাম সুমৰণে।।
যেবে স্বৰূপত এক নিৰ্বিকল্পে হৰি। 
মায়ায়ে ভূষণ আদি ৰূপ আছে ধৰি।।
সেহি সত্যে সবর্বজ্ঞ ঈশ্বৰে সদা মোক।
সবস্থানে সৰ্ব ৰূপে ৰক্ষা কৰন্তোক।।
অর্দ্ধে উর্দ্ধে দশোদিশে বাহ্য অভ্যন্তৰে।
পুনু নৰসিংহে ৰাখন্তোক নিৰন্তৰে।।
যাৰ নাদে লোকৰ গুচাইলা সবে ভয়।
নিজ তেজে সৱাহাৰ তেজ কৈলা ক্ষয়।।
বিশ্বৰূপ বদতি শুনিও হৰিহয়।
এহি দিব্য নাৰায়ণ কৱচ দুৰ্জ্জয়।।
কহিলো তোমাত আক ধৰিয়ো হৰিষে।
জিনিবাহা অপ্রয়াসে দৈত্যক নিশেষে।।
এহি কৱচক যিটো কৰিয়া ধাৰণ।
যাক যাক প্ৰতি কৰে চক্ষুয়ে দৰ্শন।।
চৰণে বা কদাচিত পৰশ কৰয়।
সিও জন সবে জানা ভয় মুক্ত হয়।।
ৰাজভয় বৈৰীভয় গ্রহভয় যত।
আদিব্যাধি আদি যত আছে সংসাৰত।।
কিছুৱে নপাৱে তাক জানিবা নিশ্চয়।
এই মহাবিদ্যা যিটো হৃদয়ে ধৰয়।।
পূর্বে এক আছিলা কৌশিক নামে ঋষি।
তেহোঁ মহাবিদ্যা ইটো ধৰিলা হৰিষি।।
মৰুভূমি মাজে তেহোঁ প্ৰাণক ছাৰিলা।
বিদ্যাৰ প্ৰভাৱে পাছে মুকুটি লভিলা।।
একদিনা চিত্ৰৰথ গন্ধৰ্বৰ পতি।
অপেশুৰূগণ সমে ৰথে কৰে গতি।।
কৌশিকৰ অস্থিচয় যত আছে পড়ি।
তাহাৰ উপৰে গৈল দিব ৰথে চড়ি।।
সেহি দোষে পুণ্যক্ষয় ভৈলা সেহিকালে।
ৰথ সমে অধোমুখে পৰিল নিঢ়ালে।।
পৃথিৱীত পৰি দুঃখে কৰে হাঁহাকাৰ।
কোন দোষে হেন গতি ভৈলেক আমাৰ।।
পাছে বাল্যখিল্ল ঋষি সকলে কহিলা।
বৈষ্ণৱৰ অস্থিৰ উপৰে উৰি গৈলা।।
আউৰ তযু ৰথ নচলিব স্বর্গপথ।
দেখা ৱৈষ্ণৱৰ কেনে তেজৰ সামৰ্থ।।
এবে হেন কৰা অস্থিচয় তুলি লোৱা।
সৰস্বতী জলে নিয়া আপুনি লগোৱা।।
তেবে সেহি পুণ্যে ইটো পাপ হৈব ক্ষয়।
এহি ৰথে চড়ি যাইবা স্বৰ্গৰ নিলয়।।
শুনি চিত্ৰৰথে বাল্যখিল্ল বচন।
শিৰে তুলি লৈল বৈষ্ণৱৰ অস্থিগণ।।
ভক্তিভাৱে লগাই সৰস্বতী জলত।
স্বর্গে লড়ি গৈল চড়ি দিব্য বিমানত।।
শুক নিগদতি শুনা অভিমন্যু সুত।
নাৰায়ণ কৱচক মহিমা অদ্ভুত।।
যিটো ইটো কৱচক শুনে একমন।
যদিবা আদৰ ভাৱে কৰয় ধাৰণ।।
তাহাঙ্ক সমস্তে প্রাণী কৰয় বন্দন।
সকলো ভয়ত সিটো হোৱয় মোচন।।
বিশ্বৰূপ ব্ৰাহ্মণৰ হস্তে মহামতি।
এহি মহাবিদ্যাক জানিয়া সুৰপতি।।
অসুৰ সবক জিনি ঘোৰ সমৰত।
ত্ৰৈলোক্যৰ লক্ষ্মীক ভুজিলা অব্যাহত।।
ইটো কথা এহিমানে ভৈল সমাপতি।
মহেন্দ্ৰৰ আগে বিশ্বৰূপ নিগদতি।।
কৃষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম।।

Comments

Popular posts from this blog

নাৰায়নাস্ত্ৰ মন্ত্ৰ Naraynastra mantra

হনুমান চালিশা/Hanuman chalisha assamese