Narayan kavach in Assamese:-
নাৰায়ণ কবচ ------------------------- শুক নিগদতি শুনা সুভদ্ৰাৰ নাতি। বিশ্বৰূপে এহি অঙ্গীকাৰ কৰি আতি।। দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত। কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত।। অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যায়। তাক নষ্ট কৰিবাক দিলন্ত উপায়।। নাৰায়ণ কৱচ দিলন্ত বাসৱক । যাক পায় ইন্দ্র সব জিনিলা দৈত্যক।। পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি। কৃষ্ণৰ প্ৰসাদে সৱে তৰিলা বিপত্তি।। হেন শুনি পৰীক্ষিতে পুছন্ত শুকত। কহিয়ো বান্ধৱ গুৰু মহাভাগৱত।। তুমি মোৰ প্ৰাণবন্ধু নাহি মোৰ আন। কৰিয়োক মোক কৃষ্ণ কথা মধু পান।। হৰি কথা ৰসে মোৰ নিমজিল চিত। মৰাৰ মুখত যেন ঢালিল অমৃত।। নাৰায়ণ কৱচক পাই শচীপতি। লীলায়ে দৈত্যক জিনি সাধিলা জয়তি৷৷ সেহি কৱচৰ কথা মোত কহিয়োক। চৰণে শৰণ লৈলো উদ্ধাৰিয়ো মোক।। ৰাজাৰ বচনে শুক ভৈল আনন্দিত। হাসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত।। পুৰোহিত হুয়া বিশ্বৰূপে মহামতি। সাৱধানে পুছে হেন বাসৱক প্রতি।। নাৰায়ণ কৱচ কহিলা সাৱহিতে। তাক এবে কহোঁ ৰাজা শুনা একচিতে।। বিশ্বৰূপে বদতি শুনিয়ো হৰিহয়। যদি অকস্মাৎ আহি মিলে মহাভয়।। হস্তপদ প্ৰক্ষালিয়া উত্তৰৰ মুখে। কুশহস্তে আচমন কৰি মহাসুখে।। মূলমন্ত্রে অঙ্গন্যাস কৰন...
Comments
Post a Comment